07/26/2019 - 19:24
in
লংকাঃ লংকা উদালিৰ বাসিন্দা পাৰবীন বেগম নামৰ এগৰাকী মহিলাই দুই বছৰ ধৰি এগৰাকী ১৬ বছৰীয়া কিশোৰীক তেওঁ নিজ বাসগৃহত আবদ্ধ কৰি ৰখা লগতে কিশোৰীগৰাকীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় আহিছে। অৱশেষত কোনো স্থানীয় লোকে উক্ত ঘটনা সন্দৰ্ভত ফোন যোগে ১৮১ উইমেন হেল্প লাইনত জনোৱাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।
১৮১ উইমেন হেল্প লাইনে হোজাই জিলাৰ আৰক্ষী অধীক্ষকক জনায়। পৰবৰ্তী সময়ত লংকা আৰক্ষী, উদলি আৰক্ষী আৰু লংকা চাইল্ড লাইনৰ সুৰক্ষা বিষয়া পূৰবী গগৈ, ইছাক আহমেদ আৰু লংকাৰ মিণ্টু শৰ্মাৰ নেতৃত্বত যোৱা এক বৃহৎ প্ৰশাসনিক দলে কিশোৰীগৰাকীক পাৰবীন বেগম বাসগৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।