07/26/2019 - 19:25
in
বৰপেটাঃ বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চিং অধীক্ষকৰ কাৰ্যালয়ৰ উদ্যোগত আজি জিলাখনৰ ১৩৭ নং বাৰাদি বালক নিম্ন বুনিয়াদী বিদ্যালয়ৰ আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰীৰ লগতে ঔষধ আৰু চেনিটাৰী নেপকিন বিতৰণ কৰা হয়। নাৰ্চিং অধীক্ষক ক্ৰমে সীমাৰেখা চলিহা, অঞ্জলি শইকীয়া আৰু ৰুণজুণ ফুকনে এই শিবিৰটোত উপস্থিত হৈ মহিলা আৰু শিশুসকলৰ স্বাস্থ্যৰো বুজ লয়।
শিবিৰটোত থকা পৰিয়ালবোৰক বিস্কুট, চিৰা, চেনী, গাখীৰ, চাবোন, ধূপ, মমবাতি, চেনিটাৰী নেপকিন আদি বিতৰণ কৰে। প্ৰতিবছৰে বানপানীয়ে অসমৰ বিস্তৰ ক্ষতিসাধন কৰি থকাৰ পৰিপ্ৰক্ষিতত অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় নাৰ্চিং অধীক্ষক কেইগৰাকীয়ে।