জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত ধূলাত সজাগতা সভা

 07/26/2019 - 20:29

খাৰুপেটিয়াঃ বাল্য বিবাহ আৰু শিশু শ্ৰমিক ৰোধ কৰাৰ উদ্দেশ্যে জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত দৰঙৰ ধুলাত এখন সজাগতা সভা অনুষ্ঠিত হয়। নিৰক্ষৰ তথা চৰ-চাপৰি অঞ্চলত দিনক দিনে বাল্য বিবাহ, শিশু শ্ৰমিক, অন্ধবিশ্বাস কুসংস্কাৰ আদি অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ ফলত সেই কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ লগতে চৰকাৰে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰিছে যদিও এতিয়ালৈ সেই অসামাজিক কাৰ্যসমূহ বিনাশ কৰিব পৰা নাই।

বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ, শিশু সুৰক্ষা সম্পৰ্কে আৰু অসামাজিক অন্ধবিশ্বাস কুসংস্কাৰসমূহ সমাজৰ পৰা দূৰ কৰাৰ উদ্দেশ্যে শুকুৰবাৰে সমাজ কল্যাণ বিভাগৰ দৰং জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু আশাজ্যোতি ছিপাঝাৰৰ সহযোগত ধূলা হাইস্কুলত জিলা আইন তথা আবেক্ষণ বিষয়া দুলাল চন্দ্ৰ ডেকাৰ সঞ্চালনত দিনযোৰা কাৰ্যসূচীৰে সজাগতামূলক সভাৰ আয়োজন কৰে।

বিভিন্ন ঠাইৰ পৰা অহা অংগনবাড়ী কৰ্মী/সহায়িকা, আশা কৰ্মী আৰু প্ৰায় দুই শতাধিক মহিলা, কিশোৰীৰ উপস্থিতিত জিলা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ ৰাজেন চন্দ্ৰ দাস, জিলা শিশু সুৰক্ষা বিষয়া কুৱেন্দ্ৰ ওৱাৰিছা, পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকাসকলৰ লগতে গীতিমা কলিতা আৰু কৰবী বৰুৱাই বাল্য বিবাহ আৰু শিশু সুৰক্ষা সম্পৰ্কে ভাষণ আগবঢ়ায়।

আনহাতে পূব মঙলদৈ আইচিডিএছৰ কাৰ্যালয় সহায়ক বাবুল হাজৰিকাই কয় যে শিক্ষাৰ পোহৰ নপৰা অঞ্চলত একমাত্ৰ দেৱানী প্ৰথাৰ জৰিয়তে অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে সেই অঞ্চলসমূহত নাৰী শিক্ষাৰ লগতে শিশুসকলৰ ওপৰত শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে।

নাৰী শিক্ষাৰ ফলত শিশুসকলৰ লগতে এখন অঞ্চলৰ উন্নয়ন সাধন কৰে। গতিকে আজিৰ সভাখনৰ জৰিয়তে সকলো নাৰীকে শিক্ষাৰ ক্ষেত্ৰত তথা সমাজত চলি থকা অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰূদ্ধে মাত মাতিবলৈ আহ্বান জনায় সভাৰ সভাপতি দুলাল চন্দ্ৰ ডেকাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।