ধুবুৰীঃ এয়াই হৈছে মানবতাৰ এক নিদৰ্শন, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জ জিলা পৰিষদৰ বিভিন্ন এলেকাত বানপানীত ক্ষতি হোৱা আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াত বহু পৰিয়ালে উপায়হীন হৈ কোনোমতে আশ্ৰয় লৈছিল শিবিৰত। অসহায় বানাক্ৰান্ত ৰাইজলৈ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হোছেনৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীৰ সহযোগত বানাক্ৰান্ত লোকসকলৰ যাতে কোনো ধৰণৰ বেমাৰ আজাৰ সম্মুখীন নহয় স্বাস্থ্য সুৰক্ষাৰ বাবে জিলা পৰিষদৰ সদস্য জাকিৰ হোছেনৰ নিজৰ ঘাটিৰ ধন খৰচ কৰি বানপীড়িত ৰাইজলৈ বিনামূলীয়াকৈ ফেনাইল ব্লিছিং পাউদাৰ আদি বিতৰণ কৰে।
সহযোগ আগবঢ়ায় দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী আৰু স্থানীয় সচেতন যুৱকসকলে। প্ৰয়োজনত আগন্তুক দিনত ৰাইজক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে জাকিৰ হোছেনে। লগতে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে বানপানীৰ সময়ত হ’ব পৰা বিভিন্ন বেমাৰ আজাৰ আদিৰ বিষয়ে বিভিন্ন পৰামৰ্শ ৰাইজলৈ আগবঢ়াই সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৰাইজক।