07/26/2019 - 20:50
in
বজালীঃ বিদেশী ৰাষ্ট্ৰ ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ লগে লগে বানে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে। সমগ্ৰ ৰাজ্যৰ লগতে বজালীৰো বিভিন্ন প্ৰান্তত প্ৰলয়ংকৰী বানৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই। বিগত প্ৰায় ১০ দিন ধৰি পানীৰ মাজত থাকিব লগা হৈছে।
চৰকাৰৰ এনে অৱহেলাৰ বিপৰীতে বন্যাৰ্তৰ কাষত থিয় দিয়েহি বজালীৰ মুগুৰীয়াৰ যুৱ ক্লাৱ। মুগুৰীয়া যুৱ ক্লাৱে বজালী নলনা গাঁৱৰ বানাক্ৰান্তৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। মুগুৰীয়া যুৱ ক্লাৱৰ এইখিনি সহায় লাভ কৰি যথেষ্ট সন্তোষ প্ৰকাশ কৰে বানাক্ৰান্ত ৰাইজে।