কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এটা অতি দৰিদ্ৰ পৰিয়াল৷ জীৱনৰ সমস্যাই যেন পিছ নেৰা হৈছে এইটো পৰিয়ালক৷ কুলাই-পাচিৰে নধৰা দুখ পৰিয়ালটোৰ৷ বৰ্তমান বাস কৰি থকা গৃহটো নিজ চকুৰে প্ৰত্যক্ষ নকৰিলে কোনেও চাগে বিশ্বাস নকৰিব এই পৰিয়ালটোৰ দুখ দুৰ্দশাৰ কথা৷ এজাক যদি বতাহ আহে পৰিয়ালটোৰ নিশা টোপনি নাহে৷ কাৰন যিকোনো সময়ত তেওঁলোকৰ ঘৰটো বাগৰি পৰিব পাৰে৷ মেৰামতি কৰিবলৈও তেওঁলোকৰ হাতত পৰ্যাপ্ত ধনৰ অভাৱ৷ কাৰন ঘৰখনৰ উপাৰ্জনকাৰী মূল ব্যক্তি জন অদ্যপি আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত৷ ব্যক্তিজনৰ নাম মদন তালুকদাৰ (৬৫)৷
বিগত তিনিবছৰে ব্যক্তিজনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে৷ ব্যক্তিজনৰ পৰিয়ালে তিনিবছৰে চিকিৎসাৰ নামত হাঁচতীয়া সমুদায় ধন খৰচ কৰি কোনো সু-ফল নোপোৱাত এতিয়া বিপাঙত পৰি সহায় বিচাৰিছে অসমবাসীৰ৷ স্থানীয় বিধায়ক, সাংসদ তথা পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ আবেদন তথা অনুৰুধ কৰিও কোনো সু-ফল নোপোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়াল তথা স্থানীয়বাসী৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগত স্থানীয় বিধায়ক বলিন চেতিয়াই ব্যক্তিজনক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিকোপতি নাপালে এটাও ফুটাকড়ি৷ সকলোৱে মাত্ৰ আশ্বাসৰ বাহিৰে পৰিয়ালটোক নকৰিলে কোনোধৰণৰ আৰ্থিক সহায়, সহযোগিতা৷
ঘৰত মাত্ৰ এজন সৰু পুত্ৰ থকাৰ বাবে ঘৰৰ মূল ব্যক্তিজন কৰ্কটৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাত অসহায় হৈ পৰিছে পৰিয়ালটো৷ হৃদয়বান লোকৰ সহায়ৰ হাত বিচাৰিছে পৰিয়ালটোৱে৷ পৰিয়ালটোৰ সপোন উন্নত চিকিৎসা কৰি সুস্থ কৰি তুলিব ঘৰৰ মূল ব্যক্তিজনক৷ কিন্তু প্ৰাচীৰ হৈ থিয় দিছে আৰ্থিক সমস্যাই৷ সেয়েহে যদি কোনো ইচ্ছুক ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে এই 6003364893 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে৷
আপোনাৰ অকণমান সহায়, সহানুভুতিয়ে হাঁহি বিৰিঙাব পাৰে এই দৰিদ্ৰ পৰিয়ালটোৰ৷ ৰাজ্য চৰকাৰে কৰ্কট ৰোগীসকলৰ বিনামূলীয়া চিকিৎসাৰ কথা সভাই সমিতিয়ে ফুলজাৰি মাৰে যদিও এনেধৰণৰ ব্যক্তিয়ে কিয় বিনামূলীয়া চিকিৎসা নাপায়, সেইয়াহে এক লক্ষ্যণীয় বিষয়৷ চৰকাৰক দৃষ্টিগোচৰ তথা হৃদয়বান লোকৰ সহায় সংবাদ মাধ্যমৰ যোগেদি বিচাৰিছে তেখেতৰ পত্নী তথা স্থানীয় ৰাইজে৷