যোগীঘোপাত প্ৰলয়ংকাৰী বানপানীৰ পিছত শাওণৰ খেতি পথাৰত ব্যস্ত ৰোৱনী

 07/27/2019 - 12:32

যোগীঘোপাঃ খেতি অবিহনে অসহায় অসমীয়া জাতি। এতিয়া কঠিয়াৰ মাটি চহোৱাৰ পৰা আৰম্ভ কৰি পথাৰ চহোৱা, আলি দিয়াত যেন ব্যস্ত যোগীঘোপাৰ শংকৰঘোলাৰ আৱাল-বৃদ্ধ বনিতা৷ তিনিমাহ পাছত ঘৰলৈ সোণগুটি চপাই অনাৰ সপোন ৰচি খেতিয়কৰ যেন গাত ত’ত নাই। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ শংকৰঘোলাৰ গ্ৰামাঞ্চলৰ খেতিয়কসকলো এতিয়া পথাৰত ব্যস্ত৷

বিভিন্ন প্ৰকাৰৰ খেতিৰ সমান্তৰালকৈ প্ৰধানতঃ ধানখেতিৰে জীৱন নিৰ্বাহ কৰি অহা এই কৃষকসকলে ধানখেতিৰ জৰিয়তে একপ্ৰকাৰে সেউজ বিপ্লৱৰ সূচনা কৰি আহিছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কৃষকে৷ যুগ যুগ ধৰি বহু পৰিশ্ৰমেৰে এইসকল কষ্টসহিষ্ণু কৃষকে নিৰৱচ্ছিন্নভাৱে কৃষি-কাৰ্য সম্পাদন কৰি আহিছে যদিও বিগত কেইবছৰ মানৰ পৰা প্ৰকৃতিৰ তাণ্ডৱে কৃষকসকলক দিশহাৰা কৰি আহিছে৷

উল্লেখ্য, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঠায়ে ঠায়ে বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সৰ্বস্তৰৰ লোককে অনাহুত পৰিস্থিতিৰ সন্মুখীন কৰোৱাৰ সময়ত লক্ষণীয়ভাৱে সম্প্ৰতি যোগীঘোপাৰ শংকৰঘোলাত ধানখেতিৰ বাবে প্ৰকৃতি অনুকুল হোৱাত স্বাভাৱিকতেই নগঞা কৃষকৰ মুখত হাঁহি বিৰিঙি উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।