07/27/2019 - 12:41
in
নলবাৰীঃ ৰক্ষকে ভক্ষক বাক্যশাৰী যেন সঁচা প্ৰমাণিত হ’ল। এইবাৰ নলবাৰী ভাৰতীয় ষ্টেট বেংকত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। বেংকটোৰ এটিএমত কৰ্মৰত ছয়জনকৈ কৰ্মচাৰীয়ে লুটিলে প্ৰায় ডেৰ কোটি নগদ ধন।
উল্লেখ্য যে দীপাংকৰ কলিতা, ভাস্কৰ বৰ্মন, ধীৰাজ শৰ্মা, জাহিৰুল ইছলাম, সীমান্ত বৰ্মনকে ধৰি ছয়জন কৰ্মচাৰীয়ে বিগত পাচ বছৰে নলবাৰীৰ দহটাকৈ এটিএমত ধন জমা দিবলৈ আহি দৈনিক বিশৰ পৰা ত্ৰিশ হাজাৰ হৰলুকি কৰি প্ৰায় ডেৰ কোটিৰো অধিক ধন চক্ৰটোৱে আত্মসাৎ কৰা বুলি তথ্য পোহৰলৈ আহিছে।
ইতিমধ্যে এই চক্ৰটোৰ চাৰি জনক নলবাৰী আৰক্ষীয়ে আটক কৰিছে যদিও দীপাংকৰ বৰ্মনসহ আন এজন পলাতক।