বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ বানাক্ৰান্তলৈ সাহায্য

 07/27/2019 - 13:20

জনীয়াঃ বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ। প্রথম পদক্ষেপ লোৱা হয় শুক্ৰবাৰে আৰক্ষী অধীক্ষক  ডঃ ৰবীন কুমাৰৰ তত্বাৱধানত। দ্বিতীয় পদক্ষেপত বৰপেটাৰ জনীয়াৰ-কৰাৰকুৰ বেকী নদীৰ ওপৰত থকা দলঙৰ পশ্চিম পাৰত শিবিৰ পাতি থকা ১৩০ গৰাকী বানাক্ৰান্তলৈ চাউল, দালি, চেনি, চিৰা, নিমখ, চাবোন দুই বিধ, আৰু বিশুদ্ধ খোৱা পানী আদি বিতৰণ কৰা হয়।

প্ৰথম পদক্ষেপত মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ বৰপেটা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা দুই লাখ একৈশ হেজাৰ আঠশ সত্তৰ টকা আগবঢ়াইছে বুলি জিলা আৰক্ষী প্ৰশাসনৰ হৈ ডি এচ পি (এচ বি) হেমেন দাসে জনাইছে। উল্লেখ্য যে বানপীড়িতসকলৰ কাৰণে বৰপেটা জিলা আৰক্ষী প্ৰশাসনে লোৱা জনহিতৈষী কাৰ্যক সচেতন ৰাইজে প্ৰশংসা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।