লখিমপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আলোচনা-চক্ৰ

 03/27/2019 - 18:41

লখিমপুৰ: লখিমপুৰত মাৰ্চ মাহৰ ২৬ তাৰিখে 'পথ সুৰক্ষা আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাপনা’ শীৰ্ষক এখনি আলোচনা-চক্ৰ অনুষ্ঠিত হয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ আলোচনা গৃহত।

দ্ৰুত গতিত বাহন চলোৱা আৰু মাদক দ্ৰব্য সেৱন কৰাৰ ফলত যে দুৰ্ঘটনাসমূহ বৃদ্ধি পায় এই সম্পৰ্কত তথ্য সহকাৰে পৰ্যালোচনা কৰা হয়,লগতে যানজঁটৰ সমস্যা সমাধানৰ বিষয়ো উত্থাপন হয় এই আলোচনাত।

তথ্য অনুসৰি ১৮ বছৰ বয়সৰপৰা ৬০ বছৰ বয়সৰ চালক দুৰ্ঘটনাত পতিত হয় ৮৩.৩ শতাংশ। জিলা আৰক্ষী বিভাগৰদ্বাৰা অনুষ্ঠিত এই আলোচনা-চক্ৰত উপস্থিত থাকে বহুকেইজন চৰকাৰী বিষয়া,সংগঠনৰ লোক আৰু বেচৰকাৰী সংস্থা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।