বৰপেটাঃ ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বৰপেটা চহৰ। যোৱা ২৫ তাৰিখে বৰপেটা চহৰৰ মুছলিমপট্টিত অৱস্থিত ব্ৰাডাৰ্চ মোবাইল ফোনৰ দোকানত চোৰে লুটপাত কৰাৰ পাছত শুকুৰবাৰে নিশা পুনৰ চুৰিকাণ্ড সংঘটিত কৰে ছফিকুল ইছলামৰ মালিকানাধীন ব্ৰাদাৰ্চ মোবাইল নামৰ মোবাইল ফোনৰ দোকান খনত। এই অভিযানত চোৰৰ দলটিয়ে প্ৰায় দুই লাখ টকাৰ মোবাইল ফোন আৰু মোবাইলৰ মূল্যৱান সামগ্ৰী লৈ নিৰ্বিঘ্নে উধাও হয়।
লক্ষ্যণীয় কথা এইয়ে যে বৰপেটা চহৰত নিশা আৰক্ষীৰ তহলদাৰী দলে তহল দিয়া স্বত্বেও কিদৰে একেখন দোকানতে চোৰে দুবাৰকৈ চুৰিকাণ্ড সংঘটিত কৰিব পালে তাক লৈ এতিয়া চলিছে সৰৱ চৰ্চা। স্মাৰ্ট আৰক্ষীৰ কথা কোৱা স্মাৰ্ট চৰকাৰে বৰপেটা চহৰত প্ৰয়োজন হোৱা পৰ্য্যাপ্ত আৰক্ষী জোৱান যোগান ধৰিব পাৰিব নে? বৰপেটা চহৰৰ লগতে সমগ্ৰ অসমতেই হৈ থকা অপৰাধজনিত কাণ্ড ৰোধ কৰিবলৈ সক্ষম হ'ব নে? সৰ্বসাধাৰণ লোকৰ মাজত এয়া এতিয়া লাখটকীয়া প্ৰশ্ন।