ৰহাঃ কংগ্ৰেছ এৰি বিজেপিত যোগদান কংগ্ৰেছী নেত্ৰীৰ। ছমাহতে কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিল ৰহাৰ আমতলা গাঁও পঞ্চায়ত সভানেত্ৰীৰ। ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমতলা গাওঁ পঞ্চায়তৰ সভানেত্ৰী টুটুমনি দাসে শুক্ৰবাৰে নিশা ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ ওচৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। বিধায়কগৰাকীৰ বাসগৃহত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে কংগ্ৰেছৰ আন তিনিজন ৱাৰ্ড সদস্যসহ বিজেপিত যোগদান কৰে। উল্লেখ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনত টুটুমনি দাসে আমতলা পঞ্চায়তত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল।
পঞ্চায়তটোত কংগ্ৰেছৰ পাঁচজন ৱাৰ্ড সদস্যও জয়ী হৈছিল। কিন্তু ছমাহৰ পিচতেই কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিল আৰু কংগ্ৰেছৰ তিনিজন ৱাৰ্ড সদস্যসহ শুক্ৰবাৰে বিধায়ক ডিম্বেশ্বৰ দাসৰ ওচৰত বিজেপিত যোগদান কৰে। কংগ্ৰেছৰ বহু আভ্যন্তৰীণ কন্দল থকাৰ লগতে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈয়ে বিজেপিত যোগদান কৰা বুলি সদৰী কৰে পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে। বিধায়কগৰাকীয়ে ফুলাম গামোচাৰে গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীক আদৰণি জনায়। লগতে ৰহা সমষ্টিৰ কেইবাখনো গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতিয়ে অচিৰেই বিজেপিত যোগদান কৰিব বুলি জানিবলৈ দিয়ে।