ঢকুৱাখনাত আৰক্ষীৰ গছপুলি ৰোপণ কাৰ্যসূচী

 07/27/2019 - 15:32

ঢকুৱাখনাঃ লখিমপুৰ জিলা আৰক্ষীৰ উদ্যোগত ঢকুৱাখনা আৰু ঘিলামৰা থানাৰ লগতে মহকুমাটোৰ গাঁওৰক্ষী বাহিনী সমূহৰ সহযোগত শনিবাৰে পুৱা ৮ বজাৰ পৰা ঢকুৱাখনাত এলানি গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ঢকুৱাখনা-ঘিলামৰা সংযোগী-২২ নং ৰাজ্যিক ঘাই পথৰ দুয়োপাৰে ঘটাপৰাৰ পৰা বাটমাৰি তিনি আলিলৈকে ৩ কিলোমিটাৰ পথত প্ৰায় ১০০০ টা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে। গছ পুলি ৰোপণৰ শুভাৰম্ভ কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হৰেকৃষ্ণ নাথে।

এই গছ পুলি ৰোপণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াই ঢকুৱাখনাৰ সামাজিক বনানিকৰণ বিভাগেও।তদুপৰি আজিৰ গছ পুলি ৰোপণ কাৰ্যসূচীত লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুখ্য কাৰ্যালয় ৰুণা নেওগ, ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া মোহন লাল মিনা, ঢকুৱাখনা থানাৰ অ'চি দীপেন পাতৰ, ইণ্ডো তিব্বেতান বৰ্ডাৰ পুলিছ'ৰ কামানডেন্ট-ৰাজীৱ কুমাৰ, ঘিলামৰা থানাৰ অ'চি ভৱেন দিহিঙীয়া, ঢকুৱাখনা উপ বন সংমণ্ডলৰ ফৰেষ্টাৰ-২ চন্দ্ৰ কান্ত দাসকে প্ৰমূখ্য কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।