শনিৰ বিশাল উপগ্ৰহ টাইটানত অভিযান চলাব নাছাই

 07/27/2019 - 16:29

ডিজিটেল ডেস্কঃ সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ শনিৰ বিশাল উপগ্ৰহ টাইটানত অভিযান চলাব নাছাই।

শনি গ্ৰহ তথা শনিৰ বিশাল উপগ্ৰহ টাইটানৰ পৰিৱেশৰ সৈতে পৃথিৱীৰ পৰিৱেশৰ ভালেখিনি মিল থকাৰ বাবে গৱেষণা চলাবলৈ তৎপৰ হৈ পৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছা।

টাইটান সম্পৰ্কে অধ্যয়ন চলাবলৈ নাছাই শীঘ্ৰেই মানৱ বিহীন ড্ৰোন প্ৰেৰণ কৰিব। মন কৰিবলগীয়া কথা যে শনি গ্ৰহৰ উপগ্ৰহ টাইটানৰ পৃষ্ঠভাগ পৃথিৱীৰ দৰেই আৰু তাত বায়ু থাকিব পাৰে বুলি বিজ্ঞানীসকলৰ সন্দেহ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।