৭০টা সংগঠনৰ পৰা আঁতৰি আহিল ঐক্য সেনা অসম

 03/27/2019 - 19:28

গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে ৭০টা সংগঠনে একেলগ হৈ এই বিলখনৰ বিৰুদ্ধে প্ৰথমৰ পৰাই প্ৰতিবাদ কৰি আহিছিল৷ তাৰ ফলস্বৰূপে বিধেয়কখন গৃহীত নহল।

এই ৭০টা সংগঠনৰ লগত জড়িত আছিল ঐক্য সেনা অসম৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰি সংবাদ মাধ্যমৰ আগত ঐক্য সেনা অসমৰ সভাপতি দেৱজ্যোতি শৰ্মাই কয় যে, লোকসভা নিৰ্বাচনীৰ আগমূহূৰ্তত সামগ্ৰিকভাৱে আজি ঐক্য সেনা অসম ৭০টা সংগঠনৰ পৰা আঁতৰি আহিছে৷

বৰ্তমান বিধেয়কখনৰ গতি স্তিমিত হৈছে, এই বিধেয়কখনক লৈ বৰ্তমান অসমত কোনো আন্দোলন নাই৷ যিহেতু, ঐক্য সেনা অসম অসমৰ স্বাৰ্থত ওলাই আহিছে, অসমীয়া জনগণৰ বাবে ওলাই আহিছে, সেই বাবে ঐক্য সেনা অসমে ভাবিছে এই ৭০টা দল-সংগঠনৰ যৌথ মঞ্চৰ পৰা আঁতৰি অহাতো।

ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৰাজনৈতিক দলসমূহৰ লগত মিলামিছা আৰম্ভ কৰিছে কিন্তু ঐক্য সেনা অসম এই ক্ষেত্ৰত সম্পূৰ্ণ আপোচহীন। কোনো ৰাজনৈতিক দলৰ লগত ঐক্য সেনা অসম জড়িত নাই বুলি সভাপতিগৰাকীয়ে স্পষ্টভাৱে প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।