গুজৰাটৰ ঠাকৰে সম্প্ৰদায়ৰ কোনো যুৱতীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন!

 07/27/2019 - 16:47

ডিজিটেল ডেস্কঃ গুজৰাটৰ ঠাকৰে সম্প্ৰদায়ৰ এক অদ্ভূত সিদ্ধান্তই বৰ্তমানৰ সমাজক হতবাক কৰি তুলিছে৷ এই সম্প্ৰদায়ৰ শীৰ্ষ নেতৃত্বই শেহতীয়াকৈ এক অদ্ভূত নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনৰ বানাস্কান্তা জিলাৰ ডান্টিবাৰা মৌজাৰ বাৰখন গাঁৱত কোনো যুৱতীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন৷

যদি কোনো যুৱতীয়ে মোবাইল ফোন ব্যৱহাৰ কৰে তাৰ বাবে জগৰীয়া হ'ব পিতৃ মাতৃ৷ পৰিয়ালটোকো সামাজিক ভাৱে এঘৰীয়া কৰা হ'ব বুলি জানিবলৈ দিয়ে সম্প্ৰদায়টোৰ শীৰ্ষ নেতৃত্বই৷ ইয়াৰ উপৰিও তেনে পৰিয়ালে ভৰিব লাগিব বৃহৎ অংকৰ জৰিমনা৷ এনে সিদ্ধান্তক সকলোৱে হঠকাৰী আৰু হাস্যকৰ সিদ্ধান্ত বুলি আখ্যা দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।