জনীয়াঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ ‘একচন এইড’ৰ সৌজন্যত আৰু বৰপেটাৰ জনীয়াস্থিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এন জি অ জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত যোৱা ২৬ জুলাইত বৰপেটা হাটীৰ বানাক্ৰান্তলৈ হাইজিন কিটচ বিতৰণ কৰা হয়। বৰপেটা সদৰ বালক মজলীয়া বিদ্যালয়ত আশ্ৰয় লোৱা ২৫ গৰাকী বানাক্ৰান্তৰ মাজত একচন এইডে 'প্ৰায় ২০ বিধ হাইজিন কিটচ বিতৰণ কৰে। উক্ত বিতৰন কাৰ্যসূচীত বৰপেটা জিলা আইন প্ৰাধিকৰনৰ সচিব চৰিফ উদ্দিন আহমেদ পাঠান উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও কাদং হাইস্কুল ,ছনপুৰা,শওপুৰ শিবিৰত থকা তিনিশ বানাক্ৰান্তক হাইজিন কিটচ বিতৰন কৰে।
জানিব পৰা মতে ইতিমধ্যে জনীয়া, কাদং আৰু শওপুৰ গাঁও পঞ্চায়তৰ ৩৮৫ গৰাকী বানাক্ৰান্তলৈ হাইজিন কিটচ বিতৰন কৰা হৈছে। তদুপৰি একচন এইডে বিভিন্ন গাঁৱৰ শিশুৰ বাবে প্ৰায় তিনিশ বেবি ফুড বিতৰণ কৰে। 'একচন এইডে' শিবিৰত থকা মানুহৰ বাবে ছয়টা শৌচাগাৰ, ছয়টা গা-ধোৱা ঘৰ আৰু আইৰণ মুক্ত ফিল্টাৰসহ মাৰ্ক-২ ৰ সু-ব্যৱস্থা কৰি দি আন এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
একচন এইড'ৰ কাৰ্যসূচী বিষয়া অঞ্জন বৰদলৈৰ তত্বাৱধানত আৰু এ জি ইউ পিৰ সম্পাদক আব্দুল মালিকৰ সহযোগিতাত ৰূপায়ন হোৱা হাইজিন কিটচ, বেবি ফুড বিতৰণ কাৰ্যসূচীত একচন এইডৰ আনোৱাৰ আলী, পংকজ শৰ্মা, বৰপেটা চাইল্ড লাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলাম, স্বচ্ছগ্ৰাহী আবিদা খাতুন, এ জি ইউ পিৰ মকবুল হুছেইন, ৰুহুল আমিন, মহম্মদ আলী, মকিব শিকদাৰ আদি কৰি বহু কেইগৰাকীয়ে বিতৰণ কামত সহযোগিতা আগবঢ়ায়। বানাক্ৰান্ত লোকৰ দুখ-দুৰ্দশাৰ সময়ত একচন এইড আৰু জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে লোৱা কল্যাণমূলক ভূমিকাক ভুক্তভোগী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।