মহাত্মা গান্ধীৰ ১৫০ বৰ্ষ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি পুতলা নাট ‘প্রায়শ্চিত্ত’ মঞ্চস্থ

 07/27/2019 - 17:04

গুৱাহাটীঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বৰ্ষ জন্মবাৰ্ষিকী লগত সংগতি ৰাখি ২৬ জুলাই তাৰিখে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সুৰজিৎ একাডেমী আৰু মুকাক পাপেট থিয়েটাৰ সৌজন্যত ভাৰত চৰকাৰৰ পৰা টেগৰ ৰিছাৰ্চ স্কলাৰ আৰু জুনিয়ৰ ফেল’শ্বিপ বঁটা প্ৰাপক বিনীতা দেৱীৰ পৰিচালনাত মহাত্মা গান্ধীৰ শিশুকালৰ জীৱন চোৱাক লৈ পুতলা নাট ‘প্ৰায়চিত্ত’ মঞ্চস্থ কৰা হয়।

মহাত্মা গান্ধীৰ ১৫০ বৰ্ষ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা কাৰ্যক্ৰম উদ্ধোধন কৰে অসমৰ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু সন্মানীয় অতিথি হিচাপে থাকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱা, অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণুকমল বৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।