ৰঙিয়াঃ ছাত্ৰ সন্থাই অকল আন্দোলনে নকৰে উন্নয়ণৰ কামো কৰি আহিছে। অসমীয়া জাতিৰ বিপদৰ মুহুৰ্তত ছাত্ৰ সন্থাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বৰ্তমান সময়ত ৰে’ল বিভাগৰ লগতে সকলো ধৰণৰ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ লোৱাতো প্ৰয়োজন আছে৷ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰঙিয়াত যিধৰণে দুমাহ ধৰি ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া প্ৰশিক্ষণ দিলে প্ৰকৃততে আছুৰ এনে প্ৰচেষ্টা শলাগ ল’বলগীয়া। শনিবাৰে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত দুমাহ যোৰা ৰেলৱে প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি কামৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্যই এনেদৰে তেওঁৰ বক্তব্যত উল্লেখ কৰে।
প্ৰায় দুশতকৈ অধিক প্ৰশিক্ষাৰ্থী উপস্থিত থকা প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়া অনুপ কুমাৰ উপস্থিত থাকি ৰে’ল বিভাগৰ পৰীক্ষাত কেনেদৰে অৱতীৰ্ণ হ’ব লাগে সেই বিষয়ে বক্তব্য ৰাখে। সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক প্ৰকাশ দাস, ৰেল বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে ৰঙিয়াৰ কেইবাগৰাকী সাংবাদিক, প্ৰাক্তন ছাত্ৰ নেতা উপস্থিত থাকে উক্ত সামৰণি অনুষ্ঠানটি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাসে আঁত ধৰে।