দলগাঁওঃ দলগাঁৱৰ বদলিচৰত এগৰাকী বিধৱা মহিলাক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী বিধৱা মহিলা গৰাকীৰ অভিযোগ মতে স্বামীৰ মৃত্যুৰ পিছৰে পৰা একে গাঁৱৰে পিতৃ সমতুল্য মহম্মদ আলি নামৰ লোকজনে নানা ধৰণৰ বেয়া কথা, বেয়া প্ৰস্তাৱ আৰু অশ্লীল ইংগিত দি অতিষ্ঠ কৰি আহিছে। এই সম্পৰ্কে অভিযুক্ত ব্যক্তিজনৰ ঘৰত বাৰম্বাৰ অৱগত কৰা হয় যদিও পৰিয়ালৰ লোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে মহিলা গৰাকীয়ে অৱশেষত লম্পট মহম্মদ আলি নামৰ ব্যক্তিজনে ২২/০৭/১৯ তাৰিখে ৰাতিপুৱা অনুমান ৯টা মান বজাত ঘৰত কোনো নথকাত বিধৱা গৰাকীৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি জোৰ জবৰদস্তি ধৰ্ষণ কৰাৰ চেষ্টা কৰে।
মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পট লোকজনে অশ্লীল ভাষাৰে গালি গালাজ পাৰি কিল ভুকু মাৰি জখমো কৰে। মহিলা গৰাকীৰ চিঞৰ বাখৰ শুনি গাঁৱৰ একাংশ ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ মহম্মদ আলিক কৰায়ক্ত কৰে। এই সম্পৰ্কে ভুক্তভোগী মহিলা গৰাকীয়ে ২২/৭/২০১৯ তাৰিখে দৰঙৰ শ্যামপুৰ থানাত অভিযুক্ত বদলিচৰ গাঁৱৰ মহম্মদ আলিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও শ্যামপুৰ আৰক্ষীয়ে নানা অজুহাত দেখুৱাই লম্পটটোৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থকা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। ইফালে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠে শ্যামপুৰ আঞ্চলিক আমছু। আমছুৱে অতি শীঘ্ৰে দোষী ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ হ’ব বুলি সংবাদ মাধ্যমক অৱগত কৰে।