দীঘলীপুখুৰীৰ পাৰত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা কমিটিৰ প্ৰতিবাদ

 03/27/2019 - 19:43

গুৱাহাটীঃ বুধবাৰে দীঘলপুখুৰীৰ পাৰত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা কমিটি অসম ৰাজ্যিক সমিতিয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰতিবাদী ধৰ্ণাৰে উত্তাল কৰি তোলে দীঘলীপুখুৰীৰ পাৰ।

গৰ্ভৱতী মহিলা কুলছুমা বেগমৰ হত্যাৰ বিচাৰ, বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ,বিষাক্ত চুলাই মদ খাই মৃত্যু হোৱা মৃতকৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী, খোৱাপানীকে ধৰি নাগৰিক সমস্যা সমাধানৰ দাবীত বুধবাৰে দিনৰ ১২ বজাত দীঘলীপুখুৰীৰ পাৰৰ পৰা মেঘদূত ভৱনলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে। উল্লেখ্য যে অতি শীঘ্ৰে চৰকাৰে এই দাবীসমূহৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী লোকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।