হাউলীঃ সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত সৰ্বস্বান্ত কৰা প্ৰৱল বানপানীয়ে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে আজি বিটিএডিৰ বাক্সা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ অধীনস্থ হেলনাৰপাম, কাউৰপাৰাতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে| স্থানীয় বানাক্ৰান্তৰ পৰা জানিব পৰা মতে বিগত কেইবাদিন ধৰি অব্যাহত থকা বানপানীৰ কবলত পৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰাংশৰ সাধাৰণ জনতাই দীৰ্ঘদিন ধৰি বহুত কষ্ট কৰাৰ লগতে কোনো ধৰণৰ চৰকাৰী সাহায্য নাপায় কষ্টকৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে৷ স্থানীয় গাওঁবুঢ়া আবু তাহেৰ আলী আৰু কাউৰপাৰা গাঁৱৰ গাঁওবুঢ়া ৰামচন্দ্ৰ নাথৰ অমনোযোগিতাৰ বাবে বানপানী সম্পৰ্কে আজিলৈকৈ বিভাগীয় কৰ্তৃপক্ষক কোনো ধৰণৰ দৃষ্টিগোচৰ নকৰাৰ ফলত অঞ্চল দুটাৰ বানাক্ৰান্তই চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি ৰাইজে অভিযোগ কৰে৷ যাৰ ফলত অঞ্চল দুটাৰ প্ৰায় তিনিশৰো অধিক পৰিয়ালৰ মাজত অন্ধকাৰ নামি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে৷
বিশেষকৈ উক্ত বানপানীৰ কবলত পৰি হেলনাৰপাম গাঁওখনৰ ৰঙ্গু মিয়াৰ পুত্ৰ ফকৰ উদ্দিন,বাক্কাৰ আলীৰ পুত্ৰ শ্বহিদুল ইছলাম,মহিদুল ইছলাম,আক্কাচ আলীৰ মুঠ ৬টা পশু ধনৰো ইতিমধ্যে মৃত্যু হৈছে আনকি মহৰ আলীৰ পুত্ৰ কদ্দুছ আলী আৰু ৰবি মিয়াৰ পুত্ৰ গাজিবৰ ৰহমানৰ ঘৰ পৰি যোৱাত পৰিয়ালটোৱে বিভিন্ন অসুবিধাত হাহাকাৰ কৰিবলগীয়া হৈছে| এই সমগ্ৰ অঞ্চল কলগছৰ ভেলেৰে পৰিদৰ্শন কৰি আমছুৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি আব্দুল জুব্বাৰ আলীৰ নেতৃত্বত জিলা সম্পাদক আফজালুৰ ৰহমান,আমছুৰ হাউলী আঞ্চলিক সমিতিৰ সভাপতি নূৰ উদ্দিন,কোষাধক্ষ্য আকবৰ আলী আৰু হাউলীৰ সাংবাদিকৰ প্ৰতিনিধি দল এটিয়ে হেলনাৰপাম আৰু কাউৰপাৰা গাঁৱৰ ক্ষয়ক্ষতিৰ বুজ লয়৷
উক্ত গাঁৱ দুখনত ঘৰৰ ভিতৰত পানী থকা স্বত্তেও বিগত কুৰি দিন পাৰ হ'ল যদিও আজিলৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই বুলি বৰপেটা জিলা আমছুৰ উপ সভাপতি আব্দুল জুব্বাৰ আলীয়ে অভিযোগ আনে৷ শীঘ্ৰে হেলনাৰপাম , কাউৰপাৰা অঞ্চলত পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰিবলৈ বিটিএডি প্ৰশাসনক আহ্বান জনাইছে৷ অন্যথা অহা দুই দিনৰ ভিতৰত সাহায্য প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে৷