শোণিতপুৰৰ গাভৰু নৈৰ বালিচৰত হিমা দাসৰ বলুকা ভাস্কৰ্য নিৰ্মাণ

 07/27/2019 - 19:44

শোণিতপুৰঃ দৌৰত ছটাকৈ স্বৰ্ণ পদক লাভ কৰি অসম তথা ভাৰতবৰ্ষলৈ ধিং এক্সপ্ৰেছ স্বৰ্ণকন্যা হিমা দাসে শেহতীয়াকৈ যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ পৰিপ্ৰেক্ষিতত অসমৰ ঢেকীয়াজুলিৰ সন্তান বলুকা ভাস্কৰ্য শিল্পী ৰঞ্জন শইকীয়া আৰু তেওঁৰ বন্ধুবৰ্গই শোণিতপুৰ জিলাৰ গাভৰু নৈৰ বালিচৰত বালিৰে নিৰ্মাণ কৰি উলিয়ায় স্বৰ্ণকন্যা হিমা দাসৰ বলুকা ভাস্কৰ্য৷

শিল্পী ৰঞ্জন শইকীয়াৰ এই প্ৰচেষ্টাক সকলোৱে একমুখে প্ৰশংসা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।