বিহালীঃ সমগ্ৰ ৰাজ্যতে ভয়াবহ বানপানীৰ সংহাৰী ৰূপ অব্যাহত আছে। বানপানীৰ বিভীষিকাৰ ফলত বন্য প্ৰাণী জনাঞ্চললৈ ঢাপলি মেলিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গড়ে বিশ্বনাথ জিলাৰ চতিয়া ৰাজহ চক্রৰ অন্তৰ্গত পানপুৰ ফৰেষ্ট ৰিজাৰ্ভৰ নিকটৱৰ্তী গড়পাল গাঁৱৰ নিবাসী অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি কৃষ্ণ বাহাদুৰ আচাৰ্যক যোৱা ৫ জুলাই তাৰিখে আক্ৰমণ কৰি হত্যা কৰে। গঁড়ৰ আক্রমণত থিতাতে মৃত্যুক সাৱটি লবলগীয়া হয় লোকজন।
আজি উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছু'ৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মুস্তাক হুছেইন, সাধাৰণ সম্পাদক মুস্তাফিজুৰ ৰহমান, সহকাৰী সাধাৰণ সম্পাদক মহিবুৰ ৰহমানৰ নেতৃত্বত নেমছু'ৰ কেন্দ্রীয় সমিতিৰ সভাপতি বদৰুল ইছলাম আৰু শোণিতপুৰ জিলা সমিতিৰ সভাপতি আজনুৰ হুছেইনৰ উপস্থিতিত প্ৰয়াত কৃষ্ণ বাহাদুৰ আচাৰ্যৰ পৰিয়ালক সাক্ষাৎ কৰি ঘটনাৰ বুজ লোৱাৰ ওপৰিও কিছু আৰ্থিক সাহায্য আগবঢ়াই সংগঠনটোৱে। লগতে ৪৫ দিনৰ মূৰত হ’বলগীয়া শ্ৰাদ্ধত পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আশ্বাস প্ৰদান কৰে সংগঠনটোৱে। সংগঠনটোৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে।