শদিয়াত জব্দ কৰা মূল্যবান খয়ৰ কাঠৰ নাওসহ নাৱৰীয়া পলায়ন

 07/28/2019 - 13:31

কাকপথাৰঃ শনিবাৰে পুৱা শদিয়া আঞ্চলিক বন বিষয়া বিবিত দিহিঙীয়াৰ নেতৃত্বত শদিয়াৰ বছাগাঁও কাষেৰে যোৱা ব্ৰহ্মপুত্ৰৰ এৰাসুঁতিত জব্দ কৰা খয়ৰ কাঠক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ পুৱাৰ সময়ত এৰাসুঁতিটোত মেচিন নাৱেৰে প্ৰায় বিশ লক্ষাধিক টকাৰ খয়ৰ কাঠখিনি চোৰাংকৈ সৰবৰাহ কৰাৰ সম্ভেদ পাই শদিয়া বন বিভাগে জব্দ কৰিছিল কাঠখিনি৷ উক্ত খয়ৰ কাঠখিনি জব্দ কৰি নাৱৰ পৰা নমাই শেষ হোৱাৰ লগে লগে এৰাসুঁতিটোৰে নাৱৰীয়াই নাওখন লৈ উধাও হয়৷

ইয়াৰ লগে লগে শদিয়া বন বিভাগৰ বিষয়া, কৰ্মচাৰীয়ে নাওসহ নাৱৰীয়াক গ্ৰেপ্তাৰ কৰিবলৈ যুদ্ধংদেহীভাবে ব্ৰহ্মপুত্ৰত অন্য নাৱেৰে পিছ লয় যদিও সম্পূৰ্ণ দিনটো ব্ৰহ্মপুত্ৰৰ মাজত পলায়ন কৰা নাওখন বিচাৰি অভিযান চলাই কিন্তু জব্দ কৰিবলৈ সক্ষম নহ’ল নাওখন৷ হিন্দী চিনেমাৰ কায়দাৰে চোৰাং ব্যৱসায়ীয়ে খয়ৰ কাঠখিনি নমোৱাৰ পিছতেই অস্ত্ৰৰে সু-সজ্জিত হৈ থকা বন বিভাগৰ সকলো কৰ্মচাৰী থকাৰ পিছতো কেনেকৈ নাওসহ নাৱৰীয়া পলাই যাবলৈ সক্ষম হ'ল সেইয়াও এক ৰহস্যজনক বিষয়৷

চোৰাংকৈ সৰবৰাহ কৰিব খোজা বৃহৎ টকাৰ পৰিমাণৰ খয়ৰ কাঠখিনি জব্দ কৰাৰ বাবে শদিয়াৰ আঞ্চলিক বন বিষয়াক ধন্যবাদ দিয়াৰ লগতে তেওঁৰ শলাগ লৈছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ লগতে লক্ষীমপুৰ লোক সভা সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু শদিয়া সমষ্টি যুৱ কংগ্ৰেছ সমিতিৰ নেতৃত্ব বৃন্দই কিন্তু নাওসহ নাৱৰীয়া পলায়ন কৰা বিষয়টোত গভীৰ ৰহস্য থকা বুলি মন্তব্য প্ৰকাশ কৰিছে দুয়োটা সংগঠনে৷

বন বিভাগ আৰু চোৰাং ব্যৱসায়ীসকলৰ গোপন মিতিৰালিৰ বাবেই এনেধৰণৰ ৰহস্যজনক ঘটনা সংঘটিত হোৱা বুলি মত প্ৰকাশ কৰিছে সংগঠনকেইটাৱে৷ বিষয়টোৰ ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে দুয়োটা সংগঠনৰ নেতৃবৃন্দই৷ আগন্তুক সময়ত বন বিভাগ, শদিয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় বিষয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।