নীৰৱ সাহিত্য সাধনাৰে বৌদ্ধিক আন্দোলন ঘনকান্ত বৰাৰ

 07/28/2019 - 13:36

ঢকুৱাখনাঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অত্যন্ত পিছপৰা সোৱণশিৰি অঞ্চলত দীৰ্ঘকাল ধৰি অধ্যাপনাৰে শিক্ষাৰ পোহৰ বিলাই অহা ঘনকান্ত বৰাই অঞ্চলটোত সাহিত্য ৰচনাৰে এক নীৰৱ বৌদ্ধিক আন্দোলন গঢ়ি তুলিছে। কোনো বঁটা-বাহনৰ আশা নকৰি বৰাই অতি নীৰৱেই সাহিত্য চৰ্চা কৰি আহিছে।

ইতিমধ্যে তেখেতে কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰি বহুকেইখন গ্ৰন্থ সম্পাদনাও কৰিছে। তেখেতৰ প্ৰকাশিত উল্লেখযোগ্য গ্ৰন্থৰ ভিতৰত 'দেশী বিদেশী সাহিত্যত এভুমুকি' (প্ৰৱন্ধ সংকলন', 'সাহিত্য দুটিমান চিন্তাধাৰা' (প্ৰৱন্ধ পুথি), 'মন্দাকিনী' (স্বৰচিত গীতৰ পুথি); সম্পাদিত পুথি ক্ৰমে 'কংসবধ নাট' (ৰামচৰন ঠাকুৰ), 'উদ্ধৱযান' (গোপালদেৱ), 'চোৰধৰা' (মাধৱদেৱ), 'ৰামবিজয়' (শংকৰদেৱ), 'অৰ্জুন ভঞ্জন' (মাধৱদেৱ) আদি অন্যতম।

আনহাতে তেখেতৰ বহুকেইখন গ্ৰন্থ এতিয়াও অপ্ৰকাশিত অৱস্থাতেই আছে। প্ৰণিধানযোগ্য যে, বৰাৰ কেইবাখনো গ্ৰন্থ এসময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ প্ৰসংগ পুথি হিচাপেও নিৰ্বাচিত হৈছিল। উল্লেখযোগ্য যে তেখেত ৰেঙাম সোৱণশিৰি মহাবিদ্যালয় (কণিষ্ঠ) ৰ অসমীয়া বিভাগত অধ্যাপনাৰ লগত জড়িত যদিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰো এজন বিষয়ববীয়া হিচাপে দীৰ্ঘদিন ধৰি একনিষ্ঠভাৱে কৰ্তব্যৰত হৈ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।