অসমলৈ আহিব প্ৰিয়ংকা গান্ধী

 03/28/2019 - 11:48

গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ ২০১৯ৰ পূৰ্ণ প্ৰস্তুতি চলি থকা সময়তে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী নিৰ্বাচন প্ৰচাৰৰ বাবে এপ্ৰিল মাহত অসমলৈ অহাৰ সম্ভাৱনা আছে৷

আনুষ্ঠানিক ভাৱে ৰাজনীতিৰ ক্ষেত্ৰত ভৰি দিয়াৰ পিছত নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰথমবাৰৰ বাবে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী৷ অসমত ১১ আৰু ১৮ এপ্ৰিলত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে বহুকেইজন দলীয় জেষ্ঠ নেতা অসমলৈ অহা দেখা গৈছে৷ কংগ্ৰেছ দলৰ ৪০ গৰাকী প্ৰভাৱশালী নিৰ্বাচনী প্ৰচাৰকৰ ভিতৰত প্ৰিয়ংকা গান্ধীৰ নামো উল্লেখ আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।