নগৰবেৰাঃ উদং ভৰ শাওনৰ পথাৰ। নিজৰ পথাৰত হুমুনিয়াহ কাঢ়িছে কৃষকে। বিগত প্ৰলয়ংকৰী বানে সপোন ধুই নিলে কৃষকৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰা জিলাৰ বৃহত্তৰ শিমলীতোলাতো কৃষকৰ একেই অৱস্থা। কৃষি প্ৰধান অঞ্চলটোত হাজাৰ হাজাৰ বিঘা কৰা হয় ধান খেতি। বানৰ পূৰ্বে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল কৃষকে।
কিন্তু শিমলীতোলা অঞ্চলৰ কৃষকৰ এই সপোন কাঢ়ি নিলে সংহাৰী বানে। এতিয়া বৃহত্তৰ পথাৰখনত নাই এমুঠি কঠিয়া। এতিয়া কঠিয়া বিচাৰি হাহাকাৰ কৰিছে কৃষকে। কেৱল শিমলীতোলাতেই নহয়, জিলাখনৰ সুতাৰপাৰা, বহতি কাণকাটা, জিয়াগুৰীকে ধৰি প্ৰায় ২০ খন কৃষি প্ৰধান এতিয়া কৃষকৰ মাজত হাহাকাৰ অৱস্থা। ক’তো পাবলৈ নাই এমুঠি কঠিয়া।
বলীয়া বানে মূৰত ৰামটাঙোন মৰা দৰিদ্ৰ কৃষকৰ ওচৰত থিয় হোৱা নাই ৰাজ্যৰ কৃষি বিভাগ। ন্যূনতম খবৰ নোলোৱাৰ অভিযোগ কৰিছে বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে। এয়াই কৃষি বিভাগৰ আচল স্বৰূপ। অঞ্চলটোৰ কৃষকসকলক শীঘ্ৰে কঠিয়া যোগান ধৰিবলৈ কৃষি বিভাগক দাবী জনাইছে ৰাইজে।