07/28/2019 - 14:08
in
জুৰীয়াঃ জুৰীয়াৰ ধিংবৰী চাপৰি গাঁও পঞ্চায়তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আকাশ দ্বীপ যোজনাৰ চৰকাৰী বাল্ব বিতৰণক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ধিংবৰী গাঁও পঞ্চায়তৰ সভাপতিয়ে বিজেপি কৰ্মীক বাল্ব বিতৰণত বাধা প্ৰদান কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। তাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
যাৰ পৰিণতিত আধাতে সামৰিব লগা হ’ল বিতৰণ কাৰ্য। ইফালে গাঁও পঞ্চায়তৰ সভাপতিয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে মই বাল্ব বিতৰণত বাধা প্ৰদান কৰা নাই বিজেপি কৰ্মীক। মোক অৱগত নকৰাকৈ মোৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল বিজেপি কৰ্মী। আৰু ইয়াকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।