07/28/2019 - 14:27
in
বৰপেটাঃ ৰাজ্যত হোৱা ভয়ংকৰ বানপানীৰ ফলত সৰ্বস্ব হেৰুৱাই অস্থায়ী শিবিৰত বাস কৰা লোকসকলৰ মাজত দেখা দিয়া খাদ্য সংকটে সৃষ্টি কৰিছে এক আহুকলীয়া পৰিস্থিতিৰ। এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ বিভিন্ন দল সংগঠনৰ লগতে বৰপেটাৰ সামাজিক সংগঠন "আলোড়ন এক নতুনত্বৰ সৃষ্টি" তথা "স্বচ্ছ বৰপেটা গোট" বৰপেটাৰ সদস্যসকলে বানাক্ৰান্ত শিবিৰত থকা লোকসকলৰ মাজত খাদ্য সামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰে।
শিবিৰটোত থকা প্ৰায় ৮০ টা পৰিয়ালৰ মাজত চিৰা, গা ধোৱা চাবোন, বাচন বৰ্তন ধোৱা চাবোন, ফেনাইল, ব্লিচিং পাউদাৰ, কলগেট, চাৰ্ফ আৰু মহ খেদোৱা ধূপ বিতৰণ কৰে। ব্ৰহ্মপুত্ৰৰ বলিয়া বান তথা তীব্ৰ গৰাহখহনীয়াত সৰ্বস্ব হেৰুৱাই শিবিৰত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক আলোড়ন আৰু স্বচ্ছ বৰপেটা গোটৰ সদস্যসকলে বন্যাৰ্তসকলক কিছু সকাহ প্ৰদান কৰে।