তিনি এপ্ৰিলত অসমলৈ ৰাহুল

 03/28/2019 - 12:00

ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। নিৰ্বাচনৰ বাবে এতিয়া তীব্ৰ গতিত চলিছে প্ৰচাৰ অভিযান। অহা তিনি এপ্ৰিলত অসমলৈ আহিব কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী। কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু লখিমপুৰৰ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ হৈ প্ৰচাৰ চলাব ৰাহুলে।

কলিয়াবৰ আৰু লখিমপুৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব অধ্যক্ষগৰাকীয়ে। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাহুলৰ উপৰি ছোনিয়া গান্ধী,প্ৰাক্তন প্ৰধানমন্ত্রী মনমোহন সিং,প্ৰিয়ংকা গান্ধী, নৱজ্যোৎ সিং সিদ্ধু আদি কংগ্ৰেছৰ শীৰ্ষ নেতাসকলো অসমলৈ অহাৰ সম্ভাৱনা আছে।

ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ এতিয়া তৎপৰতা দেখা গৈছে কংগ্ৰেছত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।