দলগাঁওঃ অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বান বিধ্বস্ত এলেকাসমূহত মহামাৰী ৰূপ ধাৰণ কৰিছে বিভিন্ন বেমাৰে। কিন্তু চৰকাৰ কিম্বা প্ৰশাসনৰ কোনেও এই দুৰ্গতসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ কথা ভাবিবলৈকে সময় নাপালে। ফলত শিশুৰ পৰা ডেকা, গাভৰু, আবাল বৃদ্ধ আনকি গৰ্ভৱতী মহিলাই চিকিৎসাজনিত কাৰণত মূৰে কপালে হাত দিবলগীয়া হৈছে।
তেনে সময়তে সুদূৰ কেৰালাৰ পৰা পৰা তিনিজনকৈ চিকিৎসক, ঔষধ আৰু পেৰা মেডিকেলৰ টিমসহ উপস্থিত হ’ল অসমৰ বান বিধ্বস্ত এলেকাত। উদ্দেশ্য হ’ল দুৰ্গতসকলক যৎকিঞ্চিত চিকিৎসা সেৱা আগবঢ়োৱা। Integrated Professionals Forum চমুকৈ (IPF), কেৰালা মুছলিম জামাত আৰু ইছলামিক এডুকেচনেল বোৰ্ড অফ ইণ্ডিয়া(IEBI) ৰ উদ্যোগত শনিবাৰে দৰং জিলাৰ বিভিন্ন বানাক্ৰান্ত এলেকাত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে চকু তোলা বজাৰ আৰু খেৰণি চাপৰিত থকা অস্থায়ী আশ্ৰয় শিবিৰত প্ৰায় পাঁচ শতাধিক লোকক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে।
শিবিৰসমূহৰ পৰা উভতি আহোতে ৰাতি হৈ যায় যদিও নৌকাৰে আহি থাকোতেও ব্ৰহ্মপুত্ৰ নৈৰ মাজতে চলে চিকিৎসা। চিকিৎসকসকলে মন্তব্য কৰা মতে অধিকাংশ লোকৰে চৰ্ম ৰোগ আৰু গেলা পানীৰ পৰা সৃষ্টি হোৱা বিভিন্ন ৰোগত আক্ৰান্ত। সময়ত সঠিক চিকিৎসা কৰিব নোৱাৰিলে সংক্ৰামক ৰোগৰ দৰে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আনহাতে গৰ্ভৱতী মহিলাই প্ৰয়োজনীয় চিকিৎসা লাভ নকৰাৰ ফলত মাতৃ আৰু গৰ্ভৱস্থ শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা ব্যক্ত কৰে।
ইফালে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহৰ প্ৰতিনিপ্ৰতিনিধিত্ব কৰে ক্ৰমে কেৰালা মুছলিম জামাতৰ ৰাজ্যিক সম্পাদক হাজী মুস্তফা, IEBI ৰ সঞ্চালক হাজী আব্দুল কৰিম আৰু অসমৰ প্ৰচাৰ সম্পাদক জয়নাল আব্দিনে। দুৰ্গত লোকসকলৰ অৱস্থা চাই তেওঁলোক মৰ্মাহত হয় আৰু চৰকাৰৰ শুভদৃষ্টিৰ কামনা কৰে। চহৰাঞ্চলত তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।