বৰপেটাঃ বৰপেটা জিলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ দাস, নগৰ আৰক্ষী উপ পৰিদৰ্শক ধনমনি ডেকা, অতিৰিক্ত নগৰ আৰক্ষী উপ পৰিদৰ্শক ৰুপজ্যোতি দলে তথা বিদ্যুৎ ঠাকুৰীয়াৰ নেতৃত্বত বৰপেটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নম্বৰবিহীন এখন বগা বলেৰ’ গাড়ী অনুসৰণ কৰি জব্দ কৰিবলৈ সক্ষম হয়। উক্ত নম্বৰবিহীন বগা ৰঙৰ বলেৰ’ গাড়ীখন বৰপেটা চহৰত সন্দেহজনকভাবে ঘূৰি ফুৰাত আৰক্ষীৰ তহলদাৰী দলে ৰ’বলৈ নিৰ্দেশ দিয়ে। কিন্তু তহলদাৰী আৰক্ষীৰ নিৰ্দেশ আওকাণ কৰি বলেৰ’ গাড়ীখন তীব্ৰ বেগত বৰপেটা চহৰৰ মাজেৰে ধাৱমান হয়।
ঠিক সেই সময়তেই বৰপেটা সদৰ থানাৰ এটি বৃহৎ আৰক্ষী বাহিনীয়ে বলেৰ’ গাড়ীখন খেদি খেদি বৰপেটা চহৰৰ মাজমজিয়াৰ হোটেল মানসৰ সন্মুখত জব্দ কৰিবলৈ সক্ষম হয়। লক্ষণীয় কথা যে বৰপেটা সদৰ আৰক্ষীয়ে নম্বৰবিহীন বলেৰ’ গাড়ীখন জব্দ কৰে যদিও গাড়ীখনৰ চালকক আটক কৰিবলৈ সক্ষম নহ’ল। আৰক্ষীৰ প্ৰাথমিক তদন্তত বলেৰ’ গাড়ীখন গৰু চুৰিত ব্যৱহাৰ কৰা বুলি বৰপেটা আৰক্ষী নিশ্চিত হয়। কিয়নো বলেৰ’ গাড়ীখনৰ মাজভাগৰ আসনসমূহ খুলি ৰাখি গাড়ীখনৰ মাজভাগত খেৰ আৰু গছৰ পাত পেলাই থোৱাৰ প্ৰতি লক্ষ্য কৰি বৰপেটা আৰক্ষীয়ে উক্ত বলেৰ’ গাড়ীখন গৰু চুৰিত ব্যৱহাৰ কৰা বুলি নিশ্চিত হয়।