কোকৰাঝাৰত এটা কুঁৱাই দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ

 07/28/2019 - 15:45

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত দৰমপুৰ গাঁৱৰ সাপকাটা নদীৰ এটা কুঁৱাই সকলোৱে আচৰিত কৰি তুলিছে৷ সম্প্ৰতি কুঁৱাটোক চাবলৈ ৰাইজে হেতাওপৰা লগাইছে৷ উল্লেখ্য যে ১৯৯১ চনত কুঁৱাটো সাপকাটা গাঁৱৰ ৰাইজে কুঁৱাটো বনাইছিল আৰু তেতিয়াৰ পৰাই ৰাইজে কুঁৱাটোৰ পৰা পানী খাই আহিছিল৷ কিন্তু আচম্বিতে কুৱাটোৰ তলৰ পৰা অহৰ্নিশে পানী ওলাই থকাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।