মঙলদৈঃ মঙলদৈত বানপানীৰ ভয়াবহতাৰ মাজতে দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। ভাতৃত্ব আৰু সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন দেখা গ’ল মঙলদৈৰ ১ নং বেজপাৰাত। বানপানীৰ বাবে এই অঞ্চলৰ সাত ঘৰ পৰিয়ালৰ প্ৰায় চল্লিশ গৰাকী লোক পথৰ ওপৰত থাকিব লগা হৈছে। হিন্দু আৰু মুছলমান দুয়ো ধৰ্মৰ লোক একেলগে আছে শিবিৰটোত। এটা মাত্ৰ চৰুত হিন্দু মুছলমান সকলো একেলগ হৈ খোৱা লোৱা কৰিছে। কোনো ধৰণৰ ভেদ ভাব নাই এইসকল লোকৰ মাজত। বিগত ১৬ দিনে এইসকল লোকে বেজপাৰা পথৰ ওপৰত অস্থায়ী ভাবে শিবিৰ পাতি আছে। বানাক্ৰান্ত এইসকল লোকৰ একতা দেখি সকলোৱে শলাগ লৈছে।
অৱশ্যে দুখৰ বিষয় যে এইসকল লোকে পোৱা নাই পৰ্যাপ্ত সাহায্য। চৰকাৰীভাবে মাত্ৰ এদিন পাইছে বান সাহায্য। শিবিৰ বান্ধি থাকিবলৈ এখন তিৰপালো পোৱা নাই প্ৰশাসনৰ পৰা। টেণ্ট হাউচৰ পৰা ভাড়া কৰি আনি বনাইছে অস্থায়ী শিবিৰ। ইয়াৰ মাজতে কিন্তু বহু লোক অথবা এনজিঅ’ই এই সকল বানাক্ৰান্ত লোকক সহায় কৰি আছে। ইফালে পানী ওলাই যোৱা কোনো সুবিধা নাই বাবে আজিও ঘৰত একাঁঠু পানী। জিলা প্ৰশাসনক অঞ্চলটোৰ পৰা পানী ওলাই যোৱাৰ এটা সুবিধা কৰি দিবলৈ অনুৰোধ জনায়।