ক্ষেপণাস্ত্ৰৰে উপগ্ৰহ ধ্বংসঃ আমেৰিকা-ৰাছিয়া-চীনৰ পাছতে মহাশক্তিধৰ ৰাষ্ট্ৰ হ'ল ভাৰত

 03/28/2019 - 12:27

নতুন দিল্লীঃ সাধাৰণ নির্বাচন আৰম্ভ হ’বলৈ এপষেক বাকী থকা অৱস্থাত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে টেলিভিছন, ৰেডিঅ’ আৰু ছ'চিয়েল মিডিয়াযােগে দেশবাসীক সম্বােধন কৰি দিয়া এটা অভূতপূর্ব ভাষণত ঘােষণা কৰে যে এটা সক্রিয় কৃত্রিম উপগ্রহ ধ্বংস কৰি ভাৰতে কৃত্রিম উপগ্রহ-বিধ্বংসী ক্ষেপণাস্ত্ৰৰ সক্ষমতা প্রদর্শন কৰিলে। ইয়াক এটা বিৰল সফলতা বুলি অভিহিত কৰি তেওঁ কয় যে এতিয়া ভাৰত বিশ্বৰ চতুর্থখন মহাকাশ মহাশক্তিৰ দেশ হিচাপে পৰিগণিত হ’ল।

ভাষণত মােদীয়ে কয়, ‘প্রতিখন দেশৰ যাত্ৰাত এনে কিছুমান মুহূর্ত থাকে যিবােৰে পৰম গৌৰৱ আনে আৰু পৰৱর্তী প্রজন্মসমূহৰ ওপৰত এটা ঐতিহাসিক প্ৰভাৱ পেলায়।  তেনেকুৱা এটা মুহূর্ত আহিল আমাৰ মাজলৈ । পাছত প্রধানমন্ত্রীয়ে এই বুলি টুইট কৰে ভাৰতে কৃত্রিম উপগ্রহ বিধ্বংসী (এ-ছেট) ক্ষেপণাস্ত্র সফলতাৰে পৰীক্ষা কৰিলে। মিছন শক্তি’ৰ সফলতাৰ বাবে প্রত্যেকলৈকে অভিনন্দন। তেওঁ কয় যে এই ব্যৱস্থা কোনাে দেশৰ বিৰুদ্ধে লক্ষ্য কৰি লােৱা হােৱা নাই আৰু কৃত্রিম উপগ্ৰহটো আছিল ৩০০ কিল'মিটাৰ উচ্চতাত প্রদক্ষিণ কৰি থকা এটা পূর্বনির্ধাৰিত লক্ষ্য।

৩ মিনিটত ধ্বংস কৰা কৃত্রিম উপগ্ৰহটো কাৰ সেই কথা প্রধানমন্ত্রীয়ে নকলে যদিও লগতে কয় যে ভাৰতে কোনাে আন্তঃৰাষ্ট্রীয় আইন বা চুক্তি উলংঘা কৰা নাই। তেওঁ কয় যে প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠনে (ডি আৰ ডি অ’) নেতৃত্ব দিয়া ‘মিছন শক্তি’ৰ লক্ষ্য হ’ল ভাৰতৰ সামগ্রিক নিৰাপত্তা শক্তিশালী কৰা। উল্লেখযােগ্য যে ইয়াৰ আগতে মােদীয়ে দেশবাসীক সম্বােধন কৰি ভাষণ দিছিল ২০১৬ চনৰ ৮ নৱেম্বৰত। সেইবাৰ তেওঁ উচ্চ মূল্যৰ ন'টৰ বিমুদ্ৰাকৰণৰ কথা ঘােষণা কৰিছিল। মােদীয়ে কয়, ‘মিছন শক্তি এটা জটিল বিষয়, অতি নির্ভুলভাৱে অতি তীব্র গতিত এই পৰীক্ষা চলােৱা হয়। ই ভাৰতৰ অতি বিশিষ্ট বিজ্ঞানীসকলৰ নৈপুণ্য আৰু আমাৰ মহাকাশ কার্যসূচীৰ সফলতা দাঙি ধৰিলে।

মােদীয়ে কয়, এটা ল’ আর্থ অর্বিট ছেটেলাইট (অর্থাৎ পৃথিৱীৰ পৰা কম উচ্চতাত প্রদক্ষিণ কৰি থকা কৃত্রিম উপগ্রহ) ভূপাতিত কৰাটো দেশখনৰ বাবে এটা বিৰল সাফল্য। এনে ধৰণৰ বিশেষ আৰু আধুনিক সক্ষমতা আহৰণ কৰা ভাৰত হ’ল আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছতে চতুর্থখন দেশ। মােদীয়ে কয়, ‘গােটেই প্রচেষ্টাটো থলুৱা। মহাকাশ মহাশক্তি হিচাপে এতিয়া ভাৰতৰ স্থান উচ্চ হ’ল। ই ভাৰতক অধিক শক্তিশালী, অধিক সুৰক্ষিত কৰিব আৰু শান্তি আৰু সম্প্রীতিৰ উত্তৰণ ঘটাব। উল্লেখযােগ্য যে প্রধানমন্ত্রীয়ে ভাষণ দিয়াৰ আগতে টুইটাৰত বিজ্ঞাপন দিছিল আৰু কৈছিল যে তেওঁ এটা গুৰুত্বপূৰ্ণ বার্তা অলপতে দিব।

টেলিভিছন, ৰেডিঅ’ বা ছ'চিয়েল মিডিয়াত ভাষণটো চাবই’ বুলি তেওঁ টুইট কৰাত সমগ্ৰ দেশত গুণা-গঁথা চলিছিল বিষয়টো কি হ'ব পাৰে বুলি। তাৰ আগতে প্রধানমন্ত্ৰীৰ বাস ভৱনত নিৰাপত্তা বিষয়ক কেবিনেট কমিটি মিলিত হৈছিল। পাছত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এ-ছেট কৃত্রিম উপগ্ৰহটোৰ বিষয়ে আৰু কিয় পৰীক্ষাটো কৰা হ’ল সেই বিষয়ে এটা বিবৃতি দিয়ে। মন্ত্রালয়ে কয়—‘২০১৯ চনৰ ২৭ মার্চত ভাৰতে ড° এ পি জে আব্দুল কালামে দ্বীপ উৎক্ষেপণ চৌহদৰ পৰা কৃত্রিম উপগ্ৰহ-বিধ্বংসী ক্ষেপণাস্ত্র পৰীক্ষা ‘মিছন শক্তিসম্পন্ন কৰে।

এইটো ডি আৰ ডি অই চলােৱা এটা প্রযুক্তিগত মিছন বা অভিযান। এই মিছনত ব্যৱহাৰ কৰা উগ্ৰগ্ৰহটো আছিল নিম্ন কক্ষপথত থকা ভাৰতৰ কৃত্রিম উপগ্রহবােৰৰ এটা। পৰীক্ষাটো সম্পূৰ্ণৰূপে সফল হয় আৰু পৰিকল্পনা কৰা মতে সকলাে মান সঠিক আছিল। এই পৰীক্ষাটোৰ বাবে অতি নির্ভুল ব্যৱস্থা আৰু অতি উচ্চ প্রযুক্তিগত সক্ষমতাৰ প্রয়ােজন হৈছিল। এই পৰীক্ষাটোৰ তাৎপর্য হ’ল যে সম্পূর্ণ থলুৱা প্ৰযুক্তিৰ ভিত্তিত ভাৰতে সফলতাৰে প্রমাণ কৰি দেখুৱালে যে ই বহিঃবিশ্বত (আউটাৰ স্পেচ) এটা কৃত্রিম উপগ্রহক বাধা দিব আৰু ধ্বংস কৰি দিবলৈ সক্ষম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।