বিজনীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন এবছুৰ সভাপতি প্ৰমোদ বড়োৰ

 07/28/2019 - 16:32

বিজনীঃ এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এনডিএফবি(P) ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে শনিবাৰে চিৰাং জিলাৰ বিজনী মহকুমাৰ ৰাজহ চক্ৰৰ অধীনত থকা ১ নং চাৰাপেট, নাওডুৱা, দৈমুগুৰী দোঙাপেটা আঞ্চলৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ চমুকৈ এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এনডিএফবি (P)ৰ সভাপতি গোবিন্দ বসুমতাৰীৰ এক সজাতি দলে বানপীড়িতৰ কাষত উপস্থিত হৈ খবৰ লয় আৰু গাঁৱে গাঁৱে পদ যাত্ৰাৰে বান পৰিস্তিৰ বুজ লয়। বানত ক্ষতি হোৱা লোকসকলৰ লগত মত বিনিময় কৰে প্ৰমোদ বড়ো আৰু এনডিএফবি (P) সভাপতি গোবিন্দ বসুমতাৰীয়ে।

উল্লেখ্য যে ১ নং চাৰাপেটা গাঁৱৰ ২৭০ জন লোকে ৰাস্তাৰ ওপৰতে অস্থায়ীৰূপে ঘৰ সাজি দিন পাৰ কৰিব লগীয়া হৈছে। নাওডুৱা গাঁৱৰ ২৬০ জন লোক এতিয়াও আশ্ৰয় শিবিৰত আছে আৰু দঙাপেটা প্ৰাথমিক বিদ্যালয়ত মুঠ ৫৫০ গৰাকী লোক আশ্ৰয় গ্ৰহণ কাৰিছে। লক্ষ্যণীয় যে এই আশ্ৰয় শিবিৰবোৰৰ মাজত বানপীড়িত লোকসকলে চৰকাৰ তথা প্ৰশাসনৰ পৰা চাউল, দাইল, তেল আৰু নিমখ দি সামৰণি মাৰিছে বুলি বানাক্ৰান্ত লোকে অভিযোগ কৰে।

লগতে কয় যে এপাচি শাকত এটা জলকীয়া দিয়াৰ দৰে সাহায্য কৰিছে। আনফালে দৈমুগুৰীৰ ৰাইজৰ বৰ্তমান পানীত হাঁহ নচৰা অবস্থা হৈছে। দৈমুগুৰীৰ বহুতৰ ঘৰ-বাৰী পানীত জাহ যোৱাৰ লগতে একাংশ ঘৰ বালিৰে বুৰ গৈছে। চাৰিওপিনে ঘৰ খেতিৰ পথাৰ মৰুভূমিসদৃশ হৈছে। চৌৰাবাৰি প্ৰথমিক বিদ্যালয়খন বোকাত পোত গৈছে।

দৈমুগুৰি বজাৰখনৰ লগতে থকা চাৰাগাঁও প্ৰাথমিক বিদ্যালয়খন বালিত বুৰাই পেলাইছে। এবছুৱে শিবিৰটোত থকা চাৰাগাঁও আৰু দৈমুগুৰীৰ ১০৬ টা বানাক্ৰান্ত পৰিয়াললৈ বিভিন্ন বান সাহায্য সামগ্ৰী প্ৰদান কৰে। এবছুৰ সভাপতি বান বিধস্ত অঞ্চল আৰু বান শিবিৰ পৰিভ্ৰমণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কয় যে কেন্দ্ৰীয় চৰকাৰে অসমক আন ৰাজ্যৰ তুলনাত অধিক গুৰুত্ব কম দিয়ে। লগতে অসমৰ ভূখণ্ডত থকা জনগণক যদি ভাৰতে নিজৰ নাগৰিক বুলি ভাবে অতি শীঘ্ৰে অসম ভ্ৰমণ কৰিব লাগে আৰু এক দীৰ্ঘ ম্যাদি আঁচনি ঘোষণা কৰিব লাগে।

ইয়াৰোপৰি অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে Expert কমিটী গঠন কৰি অসমৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিব লাগে। ইয়াৰোপৰি আজিৰ বান বিধস্ত অঞ্চল পৰিভ্ৰমণ কালত বিদ্যালয়, কেবা হেক্টৰ কৃষিভূমি, ঘৰ-দুৱাৰত আজিও একাঠু বোকা পানী পৰিলক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।