বটদ্ৰৱাঃ দুৰ্গত লোকৰ কল্যাণ আৰু সমষ্টিবাসীৰ সুখ-দুখৰ সমভাগী হোৱা তথা বন্যাৰ্তৰ কাষত থাকি আৰ্তজনৰ অসহায় অৱস্থাৰ বুজ ল'বলৈ চেষ্টা কৰি অহা কামেৰে বাতৰিৰ শিৰোনামা দখল কৰি অহা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই শনিবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত মুঠ এঘাৰ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ গৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেখেতসকলক উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে।
অসমৰ মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য আঁচনিৰ অধীনত বিধায়িকাগৰাকীয়ে আঁচনিৰ চেক বিতৰণ কৰে। বটদ্ৰৱা সমষ্টিৰ বটদ্ৰৱা আৰু দলংঘাট উন্নয়ণ খণ্ড এলেকাৰ ভকতগাঁও, কাকমাৰী, মাজ জাজৰি, আইভেটি, ভোমোৰাগুৰী আৰু ওপৰ ডুমডুমীয়া আদি পঞ্চায়তসমূহত জটিল আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আৰ্থিক দীনতাৰ বাবে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম নোহোৱা লক্ষীকান্ত ডেকা, নৃপেন নাথ, সুনীল কোঁৱৰ, কামেশ্বৰ শইকীয়া, সুমন বৰা, মহেন্দ্ৰ পাটৰ, মুন কেওট, কুনুমাই লাহন, শুক্লেশ্বৰ বৰুৱা, বিউটি বৰা আৰু বীনা শইকীয়াকে প্ৰমুখ্য কৰি মুঠ ১১ গৰাকীকৈ ৰোগীক মুখ্যমন্ত্ৰী সাহায্যৰ পুঁজিৰ পৰা যথা সম্ভৱ আৰ্থিক সাহায্য প্ৰদান কৰে।
ৰোগাক্ৰান্ত তথা আৰ্তজনৰ ভৱিষ্যত চিকিৎসাৰ বাবে বিধায়িকাগৰাকীৰ তৰফৰ পৰা পাৰ্যমানে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে দৰিদ্ৰ ৰোগ তথা দুৰাৰোগ্যজনক সাধ্য অনুসাৰে নিজ হাতে আৰ্থিক সাহায্য প্ৰদান কৰি পৰম শান্তি লাভ কৰিলো বুলি বিধায়িকা আঙুৰলতাই সাংবাদিকৰ সন্মুখত এইদৰে নিজৰ মন্তব্য প্ৰকাশ কৰে।