বটদ্ৰৱাঃ সমগ্র ৰাজ্যতে যোৱা এমাহ ধৰি হোৱা নেৰানেপেৰা বৰষুন আৰু বানৰ ফলত ধন জন খেতি পথাৰ বিনষ্ট হোৱা দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলতো অতিৰিক্ত বৃষ্টিপাতৰ ফলত হোৱা বানত শ শ হেক্টৰ পাচলি খেতি বিনষ্ট হয়। যাৰ ফলত কৃষকে মূৰে কপালে হাত দিব লগীয়া হৈছে। জিলাখনৰ ডুমডুমীয়া, ধিং আৰু বটদ্ৰৱাৰ শাক পাচলিৰ বজাৰকেইখন জিলাৰ ভিতৰতে বৃহত্তম পাইকাৰী বজাৰ। বিগত এমাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণত পাচলি খেতি বিনষ্ট কৰাত অঞ্চলটোত চাহিদা অনুসৰি পাচলিৰ যথেষ্ট নাটনি দেখা গৈছে। ফলত গ্ৰাহকসকলৰ চাহিদা অনুসৰি বজাৰত পাচলিৰ আমদানি হ্রাস পোৱাত পাচলিৰ অভিলেখ সংখ্যক মূল্যবৃদ্ধি হ’ব ধৰিছে।
আৰু সৰ্বসাধাৰণ ৰাইজে পাচলি ক্রয় কৰিবলৈ আহি ত্রাহি মধুসূধন সোঁৱৰিব লগা হৈছে। অঞ্চলটোৰ কৃষকসকলে ধান, মৰাপাট সৰিয়হ আদি খেতি কৰি অহাৰ উপৰি হাড়ভগা পৰিশ্ৰমেৰে শীতকালীন আৰু জহকালিৰ প্রতিবিধ শাক পাচলি উৎপাদন কৰি স্থানীয় ৰাইজৰ লগতে চহৰাঞ্চলৰ ৰাইজৰ খাদ্যৰ প্রয়োজন পূৰণ কৰি আহিছে। বৃহত্তৰ অঞ্চলটোৰ ডুমডুমীয়া, আলিটাঙনী, ধিং, বালিসত্র, কদমনি, বটদ্রৱা, টুকটুকী, ভোমোৰাগুৰি আদি অঞ্চলৰ উপৰি চৰ-চাপৰি অঞ্চলৰ কৃষকসকলেও বিভিন্ন ধৰণৰ শাক পাচলি উৎপাদন কৰি ৰাইজৰ দৈনন্দিন জীৱনৰ প্রয়োজন পূৰণ কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগাই আহিছে।
কৃষকসকলে উচ্চহাৰত উন্নত মানৰ বীজ ক্রয় কৰা, বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ, ঔষধ ক্রয় কৰি নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলৰ বজাৰসমূহত পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধিত অসহায় হৈ পৰিছে সৰ্বসাধাৰন ৰাইজ। জিলাখনৰ ঐতিহ্যমণ্ডিত ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰ, জুৰীয়া বজাৰ, শান্তিজান বজাৰকে ধৰি, বড়ি বজাৰ, কদমনি বজাৰ, ধূপগুৰি, আলিটাঙনী চাৰিআলিৰ সাপ্তাহিক আৰু দৈনিক বজাৰ সমূহত কেঁচা শাক-পাচলিৰ অস্বাভাবিক মূল্য বৃদ্ধিৰ পাছতো চৰকাৰৰ যোগান বিভাগে নিৰৱ ভূমিকা পালন কৰাত এক প্রকাৰ দিশহাৰা হৈ পৰিছে বৃহত্তৰ অঞ্চলটিৰ সাধাৰন ৰাইজ।
উল্লেখ্য যে বানপানীৰ অজুহাত দেখুৱাই আৰু যোগান বিভাগৰ নিলিপ্ততাৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বিগত কিছু দিনতে প্রতিবিধ পাচলি ক্রমে, প্ৰতিকিলো জলকীয়া ১০০ টকা, বিলাহী ৬০ টকা, বেঙেনা ৫০ টকা, পটল ৫০ টকা, জিকা ৫০ টকা, লেছেৰি ৬০ টকা, পিয়াজ ৪০ টকা, ভাতকেৰেলা ৪০ টকা, টিয়হ ৪০ টকা, আদাা ২০০ টকা, ভোল ৪০ টকাা, তৰৈ ৪০ টকা ভেন্দি ৬০ টকা পাচলিৰ মূল্য নিজেই নিৰ্ধাৰণ কৰি বজাৰসমূহত বিক্ৰী কৰি আহিছে। যাৰ ফলত দুখীয়া ৰাইজে বজাৰত গৈ শাক-পাচলিৰ অভাৱনীয় মূল্য বৃদ্ধিৰ ফলত পাচলি ক্রয় কৰাত নানান সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
নিজৰ পকেট গধুৰ কৰাৰ অৰ্থে দুখীয়া ৰাইজক হাৰাশাস্তি কৰি অহা এই অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জিলা যোগান বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাই ভুক্তভোগী ৰাইজে। বৃহত্তৰ অঞ্চলটোৰ পৰা দৈনিক প্রায় দহ ট্রাক শাক পাচলি উজনি অসমৰ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ড্রিব্রুগড় আদি জিলালৈ ৰপ্তানি হয়। কিন্তু সাম্প্রতিক অতিৰিক্ত বৃষ্টিপাত আৰু বানে পাচলি খেতি নষ্ট কৰাৰ ফলত খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।