মৃদুলা বৰুৱালৈ ২০১৯ বৰ্ষৰ 'বীৰাংগনা বঁটা'

 03/28/2019 - 13:24

ডিজিটেল ডেস্ক: বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱালৈ ২০১৯ বৰ্ষৰ 'বীৰাংগনা বঁটা'। টাই আহোম যুৱ পৰিষদ,অসম (টাইপা)ই প্ৰদান কৰিব এই বঁটা। অহা ৩০ এপ্ৰিলত চৰাইদেউ জিলাৰ সোণাৰিত অনুষ্ঠিত হ'বলগীয়া 'বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস'ত অভিনেত্রীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব ।

সোণাৰিৰ ভগৱতীপ্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন হ'বলগীয়া এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, টাই আহোম যুৱ পৰিষদ,অসম (টাইপা)ই প্ৰতিবছৰে 'বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস'ৰ লগত সংগতি ৰাখি অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা একোগৰাকী বিশিষ্ট নাৰীক 'বীৰাংগনা বঁটা' প্ৰদান কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।