হোজাইঃ চৰকাৰ সলনি হ’ল, সলনি হ'ল চৰকাৰী কাৰ্যপ্ৰণালী। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ’ল সোণোৱাল চৰকাৰ। কিন্তু এতিয়াও যেন ৰাজ্যৰ একাংশ গ্ৰামাঞ্চলত স্বভাৱ সলনি হোৱা নাই একাংশ জনপ্ৰতিনিধিৰ। তেনে এক ঘটনা পোহৰলৈ আহিছে হোজাই জিলাত। যিটো সময়ত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ফালৰ পৰা ৰাজ্যৰ পঞ্চায়তসমূহৰ উন্নয়নৰ বাবে কোটি কোটি টকা মোকলাই দিয়া হৈছে, তেনে সময়ত হোজাইত এমজিএনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ এজন পঞ্চায়ত সচিবৰ বিৰুদ্ধে।
বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত কপাহবাৰী গাঁও পঞ্চায়তৰ পূৱ তেৰা পুৰ গাঁৱত কপাহবাৰী-পিৰবাজাৰ সংযোগী পথৰ মেৰামতিৰ নামত আৱণ্টন হোৱা ধনৰ তুলনাত পথটোত কাম নোহোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰায় ৫ শতাধিক ৰাইজে ভূঁই ৰুই সাব্যস্ত কৰে প্ৰতিবাদ। পঞ্চায়তটোৰ প্ৰাক্তন সভাপতি গোলাপ উদ্দিন আৰু পঞ্চায়তৰ সচিব জমিৰ উদ্দিনে বিগত দিনৰ পৰাই এই পঞ্চায়তত বিভিন্ন দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছে ৰাইজে।
শনিবাৰে প্ৰায় পাঁচ শতাধিক জনতাই কপাহবাৰী পঞ্চায়তৰ সচিব জমিৰ উদ্দিনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।কপাহবাৰী ২নং ওৱাৰ্ডৰ সদস্য চামছ উদ্দিন আৰু আনোৱাৰ হুছেইনৰ বিৰুদ্ধেও উত্থাপন হৈছে বহুকেইটা দুৰ্নীতিৰ অভিযোগ। প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে তথা বিভাগীয় কৰ্তৃপক্ষই এই সকল দুৰ্নীতিগ্ৰস্থ জন প্ৰতিনিধিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰো দাবী জনায়।