বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক, বৰবায়ন, শিল্পী হেমৰাম বায়নৰ বিয়োগ

 07/28/2019 - 18:05

বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানৰ বৰবায়ন, নামলগোৱা, শিল্পী হেমৰাম বায়নৰ আজি দুপৰীয়া নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ইহ লীলা সম্বৰন কৰে। ৬৫ বছৰীয়া বায়ন যোৱা কিছুদিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল। কালি নিশা শৰীৰ অধিক অসুস্থ হৈ পৰাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও লেহেমীয়া গতিত কৰা চিকিৎসাৰ বাবে নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰাইছিল যদিও আজি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

হেমৰাম বায়নে সুদীৰ্ঘ ৪০ বছৰ কাল বটদ্ৰৱা থানৰ বৰবায়ন হিচাপে সেৱা আগবঢ়াইছিল। অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা বটদ্ৰৱা নৰোৱা সত্ৰৰ নাম লগোৱা হেমৰাম বায়ন থান পৰিচালনা সমিতিত কেইবা বছৰো কাৰ্যনিৰ্বাহক সদস্য হিচাপে সেৱা আগবঢ়াইছিল।

বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী, কাৰ্য্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত, বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সভাপতি পদুম কলিতা, উপসভাপতি দিব্যজ্যোতি বৰুৱা, অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতা, শিল্পী ৰঞ্জিত মহন্ত, নগাঁও জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি অমৰজ্যোতি কলিতা, শ্ৰীমন্ত শংকৰগুৰু গ্ৰাম্য পুথিভঁৰালৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰাঞ্জল হাজৰিকা, সম্পাদক সঞ্জীৱ বৰা, বিমান হাজৰিকা, চন্দ্ৰামিকা কলিতাকে প্ৰমুখ্য কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত হেমৰাম বায়নে পত্নী, দুগৰাকী জীয়ৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।