যোগীঘোপাত বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য শিৱিৰ

 07/28/2019 - 18:24

যোগীঘোপাঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপাৰ কচুডোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে। চিকিৎসা সেৱাৰ আয়োজন কৰে এএমচি মিলিনিয়াম বেটচৰ ১৫ জনীয়া অভিজ্ঞ চিকিৎসকৰ দল। প্ৰায় ২০০০ গৰাকী লোকে এই বিনামূলীয়া স্বাস্থ্য সেৱাত অংশগ্ৰহণ কৰে। উক্ত শিবিৰত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰাৰ লগতে বানাক্ৰান্ত ৰাইজ আৰু শিশুৰ মাজত খাদ্য বিতৰণ কৰে। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বান পৰিস্থিতি এতিয়া শাম কাটিছে যদিও দিনক দিনে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে।

জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, চম্পাৱতী, বেঁকী, আই, মানাহ নৈৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছিল যোগীঘোপাৰ কচুডোলা, ঔডুবী, পশ্চিম মাজেৰ আলগা আদি অঞ্চলত। আজি পুৱা ৯ মান মাজত গুৱাহাটীৰ পৰা অহা এটি ১৫ জনীয়া চিকিৎসকৰ দলে উক্ত শিবিৰত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়। উল্লেখযোগ্য যে বিনামূলীয়া স্বাস্থ্য সেৱাৰ লগতে মহিলা আৰু যুৱতীসকলৰ মাজত সজাগতা আনিবলৈ প্ৰয়াস কৰে। বিশেষকৈ যুৱতী আৰু মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰৰ অধিক গুৰুত্ব আৰাপ কৰে। প্ৰতিজন যুৱতী আৰু মহিলাক একোটাকৈ চেনিটেৰী নেপকিন পেড উপহাৰ দিয়ে আৰু প্ৰতিমাহত ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।