07/28/2019 - 19:15
in
ডিজিটেল ডেস্কঃ বাক্সা জিলা অন্তৰ্গত বুনবাৰীৰ গোপাল দাস নামৰ দুয়োটা কিডনি বিকল হোৱা ব্যক্তিজনক বাক্সাৰ এটি হোৱাটছএপৰ গ্ৰুপে এক লক্ষণীয় পদক্ষেপ হাতত লয়৷ গোপাল দাস নামৰ ব্যক্তিজনৰ চিকিৎসাৰ বাবে আজি বাক্সাৰ কেইজনমান যুৱকে বৰমাৰ সাপ্তাহিক বজাৰত আৰু স্থানীয় দোকানৰ পৰা সহায় বিচাৰি সাহায্য প্ৰদান কৰে৷
প্ৰায় ৬৮৮৫ টকা সংগ্ৰহ কৰি এই দুৰ্ভগীয়া গোপাল দাসৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ হাতত টকাখখিনি অৰ্পণ কৰে৷ মানুহৰ বাবে মানুহ হোৱা সুন্দৰ নিদৰ্শন দাঙি ধৰিলে এই মহান অন্তৰৰ যুৱককেইজনে৷