07/28/2019 - 19:41
in
বৰপেটাঃ বৰপেটা জিলাত বানপানীত ক্ষতিগ্ৰস্ত হোৱা বহু লোক আজিও আশ্ৰয় শিবিৰত বাস কৰিব লগীয়া হৈছে৷ অন্ন, বস্ত্ৰ, চিকিৎসাৰ অভাৱত জুৰুলা হোৱা বানাক্ৰান্তসকলক নিজৰ সাধ্য অনুসৰি আজি খাদ্য সামগ্ৰী বিতৰণ কৰে সমাজকৰ্মী উত্তম ঘোষে৷
সমাজকৰ্মীগৰাকীয়ে আজি বাহমুৰা বজাৰ শিবিৰ, জনপ্ৰিয় জুনিয়ৰ কলেজ শিবিৰ, কুমুল্লীপাৰা সমূহীয়া ভৱন, ৫৯৫ কুমুল্লীপাৰা প্ৰাথমিক বিদ্যালয়, হাতীজানা মুন্সীপাৰা জ্ঞানোদয় হাইস্কুলৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকসকলক চাউল, দালি, বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে৷ শিবিৰবোৰত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত নোহোৱাত সমাজকৰ্মীগৰাকীয়ে আশ্বৰ্য প্ৰকাশ কৰে আৰু অচিৰেই স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে।