বৰাক বহ্মপুত্ৰ সমন্বয় বঁটা প্ৰদান

 07/28/2019 - 19:51

গুৱাহাটীঃ সাংস্কৃতিক সংস্থা কাৰেংঘৰৰ উদ্যোগত আজি গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত ‘বৰাক বহ্মপুত্ৰ সমন্বয় বঁটা-২০১৯’ প্ৰদান কৰা হয়। বিশিষ্ট শিক্ষাবিদ ড০ অমৰ জ্যোতি চৌধুৰীক জাপি, গামোছা, চেলেং স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে জীৱন জোৰা সাধনা বঁটা, বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাক সংগীত সূৰ্য বঁটা, কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যলৈ সংগীত ৰত্ন বঁটা, আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি মহন্তক অসম আৰক্ষী ৰত্ন বঁটাৰে সন্মানিত কৰে। অনুষ্ঠানটোত ‘স্মৃতিৰ বালিত এখোজ’ শীৰ্ষক প্ৰবন্ধ সংকলন এখনো উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।