নাৱৰ পৰা পৰি শিশু সন্ধানহীন

 07/28/2019 - 20:18

মানকাচৰঃ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানাৰ অন্তৰ্গত শিলকাটা গাঁৱত অঘটন। টুলুঙা নাৱেৰে নৈ পাৰ হওঁতে নাৱৰ পৰা হঠাৎ পানীত পৰি যায় এটি শিশু। পানীত পৰি সন্ধানহীন হৈছে শিশুটি। শিলকাটা গাঁৱৰ বাদসা আলমৰ দুবছৰীয়া পুত্ৰ ছৈয়দ জামালক বিচাৰি স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই আাছে এতিয়া লৈকে উদ্ধাৰ হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।