লালুকঃ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ৩নং ইছলাম পুৰ গাঁৱৰ আনাৰুল ইছলাম নামৰ এজন যুৱকক দুৰ্বৃত্তৰ অপহৰণ। অৰুণাচল প্ৰদেশৰ কলৰিঙত ভাৰাতীয়া হিচাপে পান তামোলৰ দোকান দি জীৱিকা নিৰ্বাহ কৰিছিল যুৱকজনে। কিন্তু যোৱা ১৫ জুলাইত যুৱকজনক নিজ দোকানৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায়। দোকানৰ মালিক আৰু পৰিয়াল আৰু ৰাইজে দুজন যুৱকে অপহৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে।
এই সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ কলৰিং আৰক্ষী থানাত 34/19 US 365/34 IPC ধাৰাত এক গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে অৰুণাচল আৰক্ষীয়ে যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই। যাক লৈ এতিয়া লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে লখিমপুৰ জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰি অনতি পলমে অৰুণাচল আৰক্ষীৰ লগত সহযোগ কৰি অপহৰণ হোৱা আনাৰুল ইছলামক উদ্ধাৰ কৰাৰ লগতে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।