কাৰ্বি আংলংঃ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কেন্দ্ৰীয় সমিতিয়ে কাৰ্বি আংলং জিলাৰ বোকাজানত এখন জিলা সমিতি গঠন কৰে। বোকাজানৰ ড০ ভূপেন হাজৰিকা ভাৱমূৰ্তিত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নবাব আহমেদে মালা অর্পণ কৰাৰ লগতে এগছি বন্তি প্ৰজ্বলন কৰে। আনহাতে উপস্থিত থাকে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় উপ সভাপতি দেৱানন্দ ফুকন, সাধাৰণ সম্পাদক শ্যামন্ত দাস। দেওবাৰে ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ভৱনত অনুষ্ঠিত হোৱা সাংগঠনিক সভাত বোকাজানৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী থানেশ্বৰ নেওগে সভাপতিৰ আসনখনি শুৱনি কৰে।
দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, কাৰ্বি আংলং জিলা সমিতিয়ে ২১ জনীয়া এখন সমিতি গঠন কৰি সভাপতিৰ দায়িত্ব প্ৰদান কৰে চিত্র বৰুৱা, সম্পাদক সঞ্জয় কুমাৰ শৰ্মা আৰু সহকাৰী সাধাৰণ সম্পাদক চাৰছং ৰংফাৰক। উল্লেখযোগ্য যে বিভিন্ন সময়ত বহু জটিল পৰিস্থিতিৰ মাজত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি আহিছে। অসমক দুৰ্নীতি মুক্ত কৰাই হৈছে এই সংগঠনটোৰ মূল উদ্দেশ্য। কাৰ্বি আংলং জিলাত চলি থকা বিয়াগোম দুৰ্নীতিসমূহৰ মূল চৰিত্ৰ উদঙাই সাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ একত্ৰিত হয় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, কাৰ্বি আংলং জিলা সমিতি।