07/28/2019 - 20:46
in
পূৱ-বৰপেটাঃ বানপানীয়ে সৰ্বহাৰা কৰাৰ পাছতে এইবাৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে চেঙা সমষ্টিৰ বিভিন্ন গাঁও অঞ্চলত৷ প্ৰচণ্ড গৰাখহনীয়াৰ ফলত চেঙা সমষ্টিৰ আটিয়া, বৰদিয়া, যাত্ৰাদিয়া, কলতলি, পাজাৰ ভাঙা, বান্দালি, বৰভিঠা, চেনিমাৰি আদি গাঁওসমূহ প্ৰায় নদীত জাহ গৈছে৷
স্থানীয় ৰাইজে বাৰে বাৰে গৰাখহনীয়াৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ চৰকাৰক অনুৰোধ জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে আজিলৈকে নকৰিলে৷ যাৰ ফলত বাসস্থানৰ লগতে বিঘাই বিঘাই কৃষি ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰ নদীত৷